*সাতসৰী*
*গামোচাৰ চানেকি বিচাৰি*
*জুবী বৰা বৰগোহাঞি*
*লক্ষীনন্দন বৰগোহাঞি*
নানা জাতি-উপজাতিৰ সমন্বয়ৰ ভূমি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল। ইয়াৰ সৰ্বত্ৰ প্ৰতিটো জনগোষ্ঠীৰে আছে নিজা ভাষা-দোৱান, কৃষ্টি, গীত-মাত, লোকাচাৰ। পৃথক প্ৰত্যেকৰে বেশভূষাও। আমাৰ বাপতি-সাহোন গামোচাখনৰ দৰে প্ৰতিটো জনগোষ্ঠীৰে আছে একোখন প্রধান মানা বস্ত্ৰ। বিচিত্ৰ ৰং-আকাৰ, ফুলৰ চানেকিৰে সমৃদ্ধ এই মানা বস্ত্ৰ বা গামোচাসমূহৰ সন্ধানতে সাতসৰীৰ এই বিশেষ আয়োজন।
*কৈৱৰ্তসকলৰ ফুলাম গামোচা*
কৈৱৰ্তসকল অসমৰ এটা প্রধান আদিম জাতি। অসমৰ প্ৰায়বোৰ ঠাইতে কৈৱৰ্ত লোকসকলৰ মাজত কম-বেছি পৰিমাণে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যৰ এখন ৰঙা ফুলৰ গামোচাৰ প্ৰচলন হৈ আহিছে। সত্তৰৰ দশকৰ পৰা গামোচাখনৰ প্ৰচলন কিছু সীমিত হৈ পৰিল যদিও ঠাইবিশেষে জনগোষ্ঠীটোৰ মাজত ইয়াৰ প্ৰচলন হৈ আছে।
কৈৱৰ্ত সমাজত এই গামোচাখন শংকৰদেৱৰ সময়ৰ পৰাই প্ৰচলন হৈ আহিছে বুলি কোৱা হয়। শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ ঘৰত চাৰিগৰাকী কৈৱৰ্ত তিৰোতা (মাধৈ, মালতী, শশিমালী আৰু চন্দৰী) আছিল আৰু তেওঁলোকে কাপোৰ বৈ-ধুই দিছিল। উজনিৰ কৈৱৰ্ত তাঁতীসকলে ৰজাঘৰীয়া কাপোৰ বৈ দিছিল। শংকৰদেৱে ‘চিহ্নযাত্ৰা’ কৰিবলৈ ওলাওঁতে আহি চন্দৰীয়ে ভকতৰ তিনিবস্ত্ৰ— চুৰিয়া, চেলেং আৰু গামোচা উপহাৰ হিচাপে দিছিল। তাতে এইখন গামোচাও আছিল বুলি কয়। কোৱা যায়— এই ফুলাম গামোচাখন কৈৱৰ্ত শিপিনীসকলে তেতিয়াৰ পৰাই তৈয়াৰ কৰি আহিছে।
গামোচাখন আয়তাকাৰ। ইয়াৰ দীঘ প্রায় ৪৭ৰ পৰা ৫৭ ইঞ্চি আৰু প্রস্থ ১২ৰ পৰা ১৭ ইঞ্চিমান হয়। গামোচাখনৰ পৃষ্ঠভাগ হাজাৰ পকোৱা সূতা, পাতসূতাৰে বোৱা হয় আৰু ফুল পকোৱা সূতা, জিৰ’ প্ৰাই সূতাৰে তোলা হয়। কৈৱৰ্তসকলৰ ফুলাম গামোচাখনৰ মূল পৃষ্ঠভাগৰ ৰং বগা, ঈষৎ সোণালী-বগা। ফুল ৰঙা বা ৰঙচুৱা। পূৰ্বতে ৰঙা ফুল তুলিবলৈ ‘আঁচুকৰি’ (Morinda Agustifolia) নামৰ এবিধ গছৰ বাকলি বা পাত থেতেলি তাৰ পৰা ওলোৱা ৰঙচুৱা (হেঙুল-হাইতাল জাতীয়) ৰঙত ডুবোৱা সূতা ব্যৱহাৰ কৰিছিল। গামোচাখনৰ দুই মূৰে ফুল দিয়া হয় আৰু যোৰ বা শেলো ফুলাম কৰি বোৱা হয়। ফুলাম যোৰ বা শেল গামোচাখনৰ মাজলৈকে থাকে বাবে গোটেই গামোচাখন ফুলময় বা ফুলাম হৈ পৰে। গামোচাখনৰ দুই মূৰে ৬ৰ পৰা ১২ চেন্টিমিটাৰ বহলকৈ ফুল তোলা হয়। কিছুমান গামোচাৰ ফুলৰ দুইকাষে কাষৰিও দিয়া দেখা যায়। গামোচাখনত বিভিন্ন চানেকি (ফাঁই)ৰ ফুল তোলা হয়। গামোচাখনৰ একোটা শেল ১৪ৰ পৰা ১২ চেন্টিমিটাৰমান বহল। শেল (যোৰ)ৰ মাজ অংশত দুইৰ পৰা তিনি শাৰী বুটা বাছি তাত কাৰবি হিচাপে টেঁকীয়া পাত দিয়া হয়। গামোচাখনৰ দুই মূৰে দুই ইঞ্চিমানকৈ ঠাইত ফুল বা শেল নিদি তিনিডালমান ফুলৰ বঙেৰে আঁচু দিয়া হয়। অতি সন্মানৰ এই গামোচাখন ডিঙি, কান্ধত ওলমাই লোৱা হয় আৰু মূৰত পাগুৰি হিচাপে মৰা হয়। ডিঙি বা কান্ধত ওলমাই লওঁতে অৱশ্যে কঁকাল বা আঁঠুলৈকে বৈ পৰিলেও তাত বাধা নাই। কিন্তু কান্ধৰ পৰা তলত বা কঁকাল আদিত পোনপটীয়াকৈ পিন্ধা বা মৰা নহয়। কৈৱৰ্তসকলৰ ফুলাম গামোচা বিহুত ধৰলৈ অহা অতি সন্মানীয় আলহী-অতিথিক উপহাৰ দিয়া, উৎসৱ-পাৰ্বণ, ধৰ্মীয় কাম, মাংগলিক কাম আদিত ব্যৱহাৰ কৰা হয়। ভাওনাৰ পৰম্পৰাগতভাৱে সূত্ৰধাৰে দীঘল আৰু ডাঙৰকৈ বোৱা এই গামোচাখনকে কান্ধত লয়।